![]()
নিউজ ডেস্কঃ
ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স ১৮ নে ২১ বছৰ হোৱা উচিত এই লৈ দীর্ঘ দিন ধৰি আলোচনা চলি আছিল। যোৱা অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনাইছিল যে এই বিষয়ত অতি সোনকালে সিদ্ধান্ত ঘোষণা কৰিব কেন্দ্রই। তাৰ পিছত বুধবাৰে কেন্দ্রীয় মন্ত্রীসভাত প্রস্তাৱ গৃহীত হয়৷ ১৮ নহয়, ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স ২১ বছৰ হোৱা উচিত।
বিগত বছৰৰ জুনত কেন্দ্রীয় নাৰী আৰু শিশু কল্যাণ মন্ত্রালয়ে এই সন্দৰ্ভত এখন উচ্চ পর্যায়ৰ কমিটি গঠন কৰে। যাৰ নেতৃত্বত আছিল সমতা পার্টিৰ প্রাক্তন সভাপতি জয়া জেটলি। এই মাহতেই ৰিপোর্ট দাখিল কৰে কমিটিখনে। উক্ত ৰিপোর্টত বিয়াৰ ন্যূনতম বয়স ২১ কৰাৰ পক্ষত মত দিয়া হৈছে।
বৰ্তমান দেশত ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স ১৮, পুৰুষৰ ২১। এই দুয়োৰে পাৰ্থক্য নোহোৱা কৰাৰ দাবী পূৰ্বতেও তোলা হৈছিল। ৰাজ্যসভাত এক লিখিত প্রশ্নৰ উত্তৰত নাৰী আৰু শিশুকল্যাণমন্ত্রী স্মৃতি ইৰানিয়ে জনাইছিল যে উক্ত বয়স কিমান হোৱা উচিত, সেয়া পর্যালোচনাৰ বাবে এটি টাস্ক ফ’ৰ্চ গঠন কৰিছে কেন্দ্রই। বিয়া আৰু মাতৃত্বৰ মাজত সময়ৰ গড় ব্যৱধান, এই দুই বিষয়ৰ সৈতে স্বাস্থ্য আৰু পুষ্টিৰ সংযোগ, জন্মৰ সময়ত শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ, সন্তানধাৰণ ক্ষমতা ইত্যাদি বিষয় বিবেচনা কৰি ৰিপোর্ট দাখিল কৰিব কমিটিখনে। যোৱা বছৰৰ স্বাধীনতা দিৱসত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণত কৈছিল, “দেশৰ বাই-ভনীসকলৰ স্বাস্থ্য সন্দৰ্ভত উদ্বিগ্ন চৰকাৰৰ। নাকীসকলৰ অপুষ্টিৰ পৰা বচাবলৈ তেওঁলোকৰ সঠিক বয়সত বিয়াৰ প্রয়োজন।”










