![]()
নিউজ ডেস্কঃ
শ্বিনা বৰা জীয়াই আছে! হত্যাৰ ৯ বছৰ পিছত এই দাবী কৰিলে খোদ হত্যাত অভিযুক্তই। তেওঁ হৈছে ইন্দ্রাণী মুখার্জী। শ্বিনাৰ মাতৃৰ এই দাবী চিবিআইৰ ওচৰত। লগতে তদন্তৰো দাবী তুলিছে তেওঁ। তাৰ পিছতেই ৯ বছৰ পূৰ্বে ঘটি যোৱা উক্ত হত্যাকাণ্ডই ল’লে চাঞ্চল্যকৰ মোৰ।
পিছে কিহৰ ভিত্তিত এই দাবী তুলিলে প্রাইন্দ্রাণীয়ে? তেওঁ জনোৱা মতে, জে’লত এগৰাকী মহিলা কয়দীৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল। উক্ত কয়দীগৰাকীয়েই কৈছে যে কাশ্মীৰত আছে শ্বিনা বৰা। তাত তেওঁৰ লগত সাক্ষাতো হৈছে কয়দীগৰাকীৰ। ইন্দ্রাণীৰ অধিবক্তা চানা খানে স্পষ্টকৈ জনাইছে, ‘তেওঁ এই সন্দৰ্ভত চিবিআইলৈ পত্ৰ লিখিছিল। পিছে কি লিখিছিল, একো জানিব পৰা হোৱা নাই।’
উল্লেখ্য, ২০১৫ চনৰ পৰা জে’লেত আছে ইন্দ্রাণী। ২৫ বছৰীয়া জীয়ৰী শ্বিনা বৰাক হত্যাৰ অভিযোগত। ইন্দ্রাণীৰ প্রথম পক্ষৰ সন্তান আছিল শ্বিনা। দ্বিতীয় স্বামী সঞ্জীৱ খান্না আৰু গাড়ীচালক শ্যামবৰ ৰায়ৰ সাহায্যত প্রথম সন্তান শ্বিনাক ইন্দ্ৰানীয়ে হত্যা কৰা বুলি অভিযোগ। ইন্দ্রাণীক উক্ত হত্যাকাণ্ডত সহায় কৰাৰ অভিযোগত তিনি মাহ পিছত গ্রেপ্তাৰ হয় তেওঁৰ সেই সময়ৰ স্বামী পিটাৰ মুখার্জীও। ২০১৯ চনত কাৰাবন্দী অৱস্থাতেই পিটাৰৰ সৈতে বিচ্ছেদ হয় ইন্দ্রাণীৰ। ২০২০ চনত জামিন পায় পিটাৰে।
উল্লেখ্য, পিটাৰৰ প্রথম পক্ষৰ পুত্ৰ ৰাহুলৰ সৈতে সম্পর্কত জড়িত হৈছিল শ্বিনা। তাকে লৈ মূলত জীয়েকৰ ওপৰত খং আছিল। তাৰ উপৰি শ্বিনাই ভাবুকি দি টকা আদায় কৰিছিল ইন্দ্রাণীৰ পৰা। কৈছিল, তেওঁলোকৰ মাতৃ–জীয়ৰীৰ সম্পর্ক ফাদিল কৰি দিব। উল্লেখ্য, সমগ্ৰ বিশ্বৰ আগত শ্বিনাক নিজৰ সৰু ভনীয়েক বুলি পৰিচয় দিছিল ইন্দ্রাণীয়ে।
শ্বিনাক হত্যাৰ পিছত ইন্দ্রাণীয়ে সকলোকে কৈছিল যে তেওঁ আমেৰিকালৈ গৈছে। পিছত ইন্দ্রাণীৰ গাড়ীচালক শ্যাম অন্য এটি গোচৰত গ্রেপ্তাৰ হয়। তেওঁক জেৰা কৰোতেই শ্বিনা বৰাৰ হত্যাৰ কথা প্রকাশ্যে আহে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতেই ৰায়গড়ৰ হাবিৰ পৰা শ্বিনাৰ অর্ধদগ্ধ মৃতদেহ উদ্ধাৰ হয়।










