![]()
নিউজ ডেস্কঃ
সমীক্ষা মতে জনপ্রিয়তা কমিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ! ইউগভ নামৰ এক তথ্য বিশ্লেষণ সংস্থাৰ সাম্প্রতিক ৰিপোর্টৰ এই দাবী।
সংস্থাটোৱে এসময়ত বিশ্বৰ সকলোতকৈ সম্মানিত ব্যক্তিসকলৰ তালিকাত চাৰি নম্বৰত ৰাখিছিল মোদীক। কিন্তু এইবাৰ প্ৰকাশ কৰা তালিকাত মোদীৰ স্থান হৈছে ৮ নম্বৰত। অৱশ্যে তালিকাত তললৈ নামিলেও মোদী কিন্তু আছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেন, পাক প্রধানমন্ত্রী ইমৰান খান, ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত। ২০২১ চনৰ বিশ্বৰ সকলোতকৈ সন্মানিত পুৰুষৰ উপাধি পাইছে প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাই। মহিলাৰ তালিকাত এক নম্বৰ স্থানত আছে তেওঁৰে পত্নী মিশ্বেল ওবামা। ইউগভ নামৰ উক্ত তথ্য বিশ্লেষণ সংস্থাৰ দ্বাৰা সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানত কৰা ‘ছেম্পল ছাৰ্ভে’ৰ ভিত্তিত প্রকাশ কৰা হৈছে উক্ত ৰিপোর্ট। তাত প্ৰকাশ কৰা হৈছে বিশ্বৰ সৰ্বাধিক সন্মানিত প্রথম ২০ জন মহিলা আৰু পুৰুষৰ নাম।
পুৰুষৰ তালিকাত ভাৰতৰ পৰা মোদীৰ উপৰি আছে শচীন তেণ্ডুলকাৰ, অমিতাভ বচ্চন, শ্বাহৰুখ খান, বিৰাট কোহলিৰ নাম। মহিলাৰ তালিকাত ১০ নম্বৰ স্থানত প্রিয়ঙ্কা চোপ্ৰাৰ নাম। তালিকাৰ নতুন নাম ১৩ নম্বৰত ঐশ্বর্য ৰায় বচ্চন। ১৪ নম্বৰত ইনফোছিছৰ অন্যরতম প্রতিষ্ঠাতা সঞ্চালক সুধা মূর্তি। মহিলাসকলৰ তালিকাত আছে এঞ্জেলিনা জোলি, এঞ্জেলা মর্কেল, কমলা হেৰিছৰ দৰে মহিলাৰ নাম। পুৰুষৰ ভিতৰত আছে বিল গেটছ, চি জিনপিং, ক্রিষ্টিয়ানো ৰোনাল্ডো আদি। তালিকাৰ প্রথম পাঁচত ওবামাৰ পিছতেই আছে যথাক্রমে বিল গেটছ, জিনপিং, ৰোনাল্ডো, জেকি চান। প্রথম দহত মোদীৰ উপৰি আছে ডোনাল্ড ট্রাম্প, চীনা ধনকুবেৰ জেকমা আৰু বিশ্বৰ অন্যতম ধনী টেছলাৰ চিইও এলন মাস্ক।










