![]()
নিউজ ডেস্কঃ
এজন, দুজন নহয়, মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ১৭ গৰাকী প্রতিযোগী কোভিডত আক্রান্ত হৈছে। তেওঁলোকৰ মাজত আছে ভাৰতৰ প্রতিনিধি মনসা বাৰাণসীও। যাৰ বাবে সম্প্ৰতি স্থগিত ৰখা হ’ল মিছ ৱর্ল্ড সৌন্দর্য প্রতিযোগিতা। কেৰিবিয়ান দ্বীপপুঞ্জৰ পুৱেৰ্টো ৰিকোত অনষ্ঠিত হৈ আছিল উক্ত প্ৰতিযোগিতা। বৰ্তমান সকলো প্রতিযোগী পুৱেৰ্টো ৰিকোতেই আইছলেচনত আছে। চৰকাৰীভাবে বিবৃতি দি মিছ ৱর্ল্ড প্রতিযোগিতাৰ আয়োজক সংস্থাই জনাইছে, ‘প্রতিযোগীসকলৰ মাজত কোভিডৰ বৰ্ধিত সংক্ৰমণ দেখি কর্তৃপক্ষই এই সিদ্ধান্ত লৈছে।’
উল্লেখ্য যে ভাৰতৰ প্ৰতিযোগী মনসাই ২০২০ চনত মিছ ইণ্ডিয়া ৱর্ল্ড প্রতিযোগিতা জয় কৰিছিল। প্রতিযোগিতাৰ চূড়ান্ত পর্ব পুৱেৰ্টো ৰিকোতেই অনুষ্ঠিত হ’ব ৯০ দিন পিছত।










