![]()
নিউজ ডেস্কঃ
ওমিক্রনক লৈ ক্রমে উদ্বেগ বাঢ়িছে দেশত। এখনৰ পিছত আনখন চহৰত সন্ধান ওলাইছে কৰোনাৰ উক্ত নতুন প্রজাতিত আক্রান্তৰ। দিল্লীত আৰু ১০জন ওমিক্রন আক্রান্তৰ সন্ধান পোলা গৈছে। আনহাতে, বৃহস্পতিবাৰে দিল্লীত নতুনকৈ কৰোনা আক্রান্ত হয় ৮৫ জন। চাৰি মাহ পিছত এটা দিনত ইমানজন আক্রান্ত হ’ল ৰাজধানীত।
৫ ডিচেম্বৰত প্রথমবাৰ দেশত ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছিল। তাৰ পিছৰ পৰা দিল্লীত এই পর্যন্ত ২০ জন আক্রান্তৰ সন্ধান পোৱা গৈছে। দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে জনোৱা মতে, তেওঁলোকৰ ভিতৰত ১০ জন আক্রান্তক হস্পিটেলৰ পৰা যাবলৈ দিয়া হৈছে।
এই পর্যন্ত সৰ্বাধিক ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে দিল্লীত। ৰাজ্যখনত ৩২ জন এই নতুন প্রজাতিত আক্রান্ত। কর্নাটক, গুজৰাট, অন্ধ্রপ্রদেশ, পশ্চিমবঙ্গ, তামিলনাডু, কেৰালাতো ওমিক্রন আক্রান্তৰ সন্ধান লাভ কৰা হৈছে। বৃহস্পতিবাৰে কর্নাটক আৰু পাঁচ ওমিক্রন আক্রান্ত ধৰা পৰিছে। সমগ্ৰ দেশত এতিয়ালৈকে ৯০ জন আক্ৰান্ত হৈছে ওমিক্ৰনত।










