![]()
নিউজ ডেস্কঃ
চিডিএছ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছত জীৱন্তে উদ্ধাৰ হোৱা একমাত্ৰ ব্যক্তি গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰো মৃত্যু হয় বুধবাৰে৷
শুক্রবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন হয় গৃহ চহৰ ভূপালত ৰাষ্ট্রীয় মর্যাদাৰে।

উপস্থিত থাকে বৰুণ সিঙৰ পত্নী, সন্তান, পৰিয়াল, প্রতিবেশীৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান। ভূপালৰ বইৰাগড় শ্মশানত সম্পন্ন হয় তেওঁৰ শেষকৃত্য। নিহতৰ পৰিয়ালক এক কোটি টকা ‘সন্মান নিধি’ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্রীয়ে। উল্লেখ্য, বিগত আগষ্ট মাহত শৌৰ্যচক্র পাইছিল বৰুণ সিঙে। এখন তেজস বিমানক আক্ৰমণৰ পৰা বচাইছিল তেওঁ। তাৰ বাবেই তেওঁক উক্ত সন্মানেৰে সন্মানিত কৰা হৈছিল।










