![]()
নিউজ ডেস্কঃ
অনুমতি-পত্র পাবলৈ তথ্য গোপন কৰাৰ অভিযোগত আমেৰিকাৰ ই-কমাৰ্চ কোম্পানী এমাজনক ২০২ কোটি টকা জৰিমনা কৰিলে ভাৰতৰ প্রতিযোগিতা আয়োগে (চিচিআই)। ফিউচাৰ কুপনছ প্রাইভেট লিমিটেডৰ সৈতে আমেৰিকাৰ বহুজাতিক কোম্পানীটোৰ দুবছৰ পুৰণি চুক্তিকো সম্প্ৰতি স্থগিত ঘোষণা কৰিছে চিচিআইয়ে।
শুক্রবাৰে ৫৭ পৃষ্ঠাৰ নির্দেশাৱলীত চিচিআইয়ে জনাইছে, একাধিক বিধি উলঙ্ঘন কৰি তথ্য গোপন কৰাৰ কাৰণে এমাজনৰ সৈতে ফিউচাৰ কুপনছৰ চুক্তি পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত স্থগিত থাকিব। চিচিআইয়ে বিধি উলঙ্ঘনৰ ব্যাখ্যা হিচাবে জনাইছে যে এমাজনে ইচ্ছাকৃতভাবে তথ্য গোপন কৰি গৈছে, যাতে প্রতিযোগিতা আয়োগৰ অনুমতি-পত্র লাভ কৰাত সমস্যা নহয়। এই কাৰণে এমাজনক ২০২ কোটি টকা জৰিমনা বিহিছে চিচিআইয়ে। চিচিআইয়ে উক্ত চুক্তিপত্র পুনৰ পৰীক্ষা কৰি চাবলৈ যিমান দিন সময় লাগিব সিমান দিনলৈ চুক্তি স্থগিত থাকিব










