ডিজিটেল বাৰ্তা, নগাঁওঃ আজি ঘোষণা কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শিক্ষান্ত পৰীক্ষাত নগাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ফিনান্স শাখাত নৱজ্যোতি যোচেফ ৰাহিয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। একেদৰে বুৰঞ্জী বিভাগত ৰূপশিখা কলিতাই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান, পদাৰ্থ বিজ্ঞান বিভাগত প্ৰজ্ঞা জ্যোতি লস্কৰে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু পৰিসংখ্যা বিভাগৰ ৱাচিম চাবিলউদ্দিন আহমেদে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।
একেদৰে ভূগোল বিজ্ঞান বিভাগৰ আশীষ শইকীয়াই কলা শাখাত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান, ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰীতি বৰাই প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰি মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ পৰা সৰ্বমুঠ ৩৯০ গৰাকীয়ে ৬০% অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত কলা শাখাত ২৬৯ গৰাকী, বিজ্ঞান শাখাত ৮৭ গৰাকী আৰু বাণিজ্য বিভাগত ৩৪ গৰাকীয়ে স্থান লাভ কৰে।
নগাঁও মহাবিদ্যালয়ৰ এনে সাফলতাৰ বাবে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক ধন্যবাদ আৰু শলাগ লয়। পৰিচালনা সমিতিৰ সভাপতি আলিমুজ জামান আৰু বিধায়ক ৰূপক শৰ্মাই কলেজখনৰ এনে সাফল্যত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক অভিনন্দন জ্ঞাপন কৰে। আজি ঘোষিত স্নাতক পৰীক্ষাত নগাঁও মহাবিদ্যালয়ৰ সাফল্যত সমগ্ৰ মহাবিদ্যালয়খনতে এক আনন্দৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয়।