![]()
নিউজ ডেস্কঃ
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁক যৌন সম্পর্কত বাধ্য কৰাব নোৱাৰিব স্বামীয়ে। দাম্পত্য বিবাদৰ এটি গোচৰৰ শুনানিত এই কথা জনালে গুজৰাট হাইকোৰ্টে। ন্যায়াধীশ জে বি পাদ্রিৱালা আৰু নির্মল মেহতাৰ বিচাৰপীঠে এই বিষয়ত পাৰিবাৰিক আদালতৰ ৰায় খাৰিজ কৰি কয়, ‘পত্নীক বৈবাহিক সম্পর্ক স্থাপনত বাধ্য কৰাব পৰা নাযায়।’
উল্লেখ্য, চলিত বছৰৰ মার্চ মাহত ছুপ্রিম কোৰ্টে ৰায় দিছিল, পত্নী কেতিয়াও স্বামীৰ সম্পত্তি নহয়। সেয়ে ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ সৈতে যৌন সম্পর্ক স্থাপন বা বৈবাহিক দায়িত্ব পালনত বাধ্য কৰাব পৰা নাযায়। উল্লেখ্য, ইউপিএ যুগত অৱসৰপ্রাপ্ত ন্যায়াধীশ জে এছ বর্মাৰ নেতৃত্বাধীন কমিটিয়ে বৈবাহিক ধৰ্ষণক ফৌজদাৰী অপৰাধৰ তালিকাত ৰখাৰ উপদেশ দিছিল। কিন্তু ২০১৭ চনত নৰেন্দ্র মোদী চৰকাৰে ছুপ্রিম কোর্টত শপতনামা দি সেই উপদেশৰ বিৰোধিতা কৰে।











