![]()
নিউজ ডেস্কঃ
২০২১ চনত গুগলত সৰ্বাধিক চাৰ্ছ কৰা বিষয়বোৰৰ এখন তালিকা প্রকাশ কৰিছে ভাৰতৰ প্রযুক্তি বিষয়ক সংবাদ মাধ্যম গেজেটছ নাৱে। এই তালিকাৰ শীর্ষ ৫টা বিষয় হ’ল :
অষ্ট্ৰেলিয়া বনাম ভাৰত

২০২১ চনত বিশ্বজুৰি সকলোতকৈ বেছি চাৰ্ছ কৰা হৈছে ক্রিকেট সম্বন্ধীয় অষ্ট্ৰেলিয়া বনাম ভাৰত বিষয়টি।
ভাৰত বনাম ইংলেণ্ড

যোৱা বছৰ বিশ্বজুৰি গুগল চাৰ্ছ তালিকাত দ্বিতীয় শীর্ষ স্থানত থকা বিষয়টি হ’ল- ভাৰত বনাম ইংলেণ্ড।
আইপিএল

২০২১ চনত অনুষ্ঠিত হয় আইপিএলৰ ১৪তম সংস্কৰণ। কৰোনাৰ কাৰণে দুটা পৰ্যায়ত এই টুর্নামেন্ট শেষ কৰা হয়। গুগল চাৰ্ছ তালিকাত আইপিএল তৃতীয় স্থানত।
এনবিএ

গুগল চাৰ্ছ তালিকাত চতুর্থ স্থানত আছে এনবিএ। এনবিএ মানে হ’ল নেচনেল বাস্কেটবল এছোচিয়েছন। ই হৈছে উত্তৰ আমেৰিকাৰ জনপ্রিয় পেছাদাৰী বাস্কেটবল লিগ। এই লিগত মুঠ ৩০টা দলে অংশগ্রহণ কৰে।
ইউৰো-২০২১

ক্রিকেট-বাস্কেটবলৰ পিছত মানুহে সকলোতকৈ বেছি আগ্রহ দেখুৱাইছে ফুটবলত। যাৰ কাৰণে ২০২১ চনত বিশ্বজুৰি গুগল চাৰ্ছৰ তালিকাত পাঁচ নম্বৰত আছে ‘ইউৰো-২০২১’ ফ্রেজটি। ছয় নম্বৰত আছে ফুটবলৰ কোপা আমেৰিকা।











