ষ্টাফ ৰিপ’ৰ্টাৰ
ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ গৰম বতাহত উদূলি-মুদুলি পানবজাৰ। দেৱদাৰু নগৰী, ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ মঙলবাৰে অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত নিৰ্বাচনৰ ভোট গ্ৰহণ। বিগত ২ বছৰৰ অন্তত পুনৰ অনুষ্ঠিত হ’ব এইবাৰ ছাত্ৰ একতা সভা নিৰ্বাচন। ভালে কেইদিন ধৰি ব্যাপক প্ৰচাৰৰ অন্তত মঙলবাৰে ৫৫০০ কটনিয়ানে নিৰ্বাচিত কৰিব ১৬টা বিভাগৰ বাবে প্ৰতিনিধি, ২ জন কৰ্ট মেম্বাৰ। পুৱা ৯বজাৰ পৰা বিয়লি ৩বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। আনহাতে ভোটগ্ৰহণৰ ফলাফল গণনা কৰা হ’ব বুধবাৰে। সেই অনুসৰি বুধবাৰে প্ৰকাশ পাব নিৰ্বাচনৰ ফলাফল।
গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে কটনৰ চৌহদত বিভিন্ন প্ৰাৰ্থীৰ সমৰ্থকে নিজ-নিজ প্ৰাৰ্থী বেনাৰ-পোষ্টাৰিং কৰিছে। আজি মুকলি ডিবেটৰ অন্তত সামৰণি পৰে প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ অভিযান।
উল্লেখ্য, নিৰ্বাচনত মুঠ ৪৬ গৰাকী প্ৰাৰ্থীয়ে ১৬টা বিভাগ প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইয়াৰ উপৰিও কৰ্ট মেম্বাৰ দুটা পদৰ বাবে ৪গৰাকী অৱৰ্তীন হৈছে নিৰ্বাচনত।
সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহ-সাধাৰণ সম্পাদক, কটনিয়ানৰ সম্পাদক পদত মুঠ ৩ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে।
আনহাতে, শান্তি-পূৰ্ণভাৱে এই নিৰ্বাচন অনুষ্ঠিত কৰা বাবেও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰাপত্তা ব্যৱস্থা কৰি তুলিছে।