ষ্টাফ ৰিপ’ৰ্টাৰ
শতবৰ্ষ অতিক্ৰমী কৰা অসমীয়া জাতীয় জীৱনৰ অন্যতম এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অসম সাহিত্য সভাত চৰম বিত্তীয় সংকট। ৪মাহে অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে লাভ কৰে দৰমহা। ৪মাহে কৰ্মচাৰী বন্ধ হৈ থকা পুঁজি মোকোলাই দিয়াৰ দাবীৰে সাব্যস্ত প্ৰতিবাদ। সোমবাৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ।
গুৱাহাটী অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে অৱস্থান কাৰ্যসূচী। উল্লেখ ছেপ্তেম্বৰ মাহৰ পৰা কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হৈ আছে।
ইফালে কৰ্মচাৰীসকলে দৰমহা মুকলি কৰা দাবীত দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ লগতে অসম গ্ৰন্থমেলাত থকা অসম সাহিত্য সভাৰ বিপনীখনো বন্ধ কৰিছে।
গুৰুত্বপূৰ্ণ কথা দৰমহাৰ উপৰিও কৰ্মচাৰী ই.পি.এফ, ই.এছ.আই শেহতীয়াকৈ ৫ মাহে ই.পি.এফ বিভাগত জমা নোহোৱাৰ গুৰুত্ব অভিযোগ। ফলত সমস্যাৰ সন্মুখীন হৈছে কৰ্মচাৰীসকলৰ।
ইফালে, কৰ্মচাৰীসকলে সাহিত্য সভাৰ সভাপতি-সম্পাদকলৈ দৰমহা মুকলি কৰি দিয়া সন্দৰ্ভত দুখনকৈ পত্ৰ প্ৰেৰণ কৰা পাছতো কোনো উত্তৰ নোপোৱাত ক্ষোভ প্ৰকাশ কৰি সাব্যস্ত কৰিছে এই প্ৰতিবাদ। কৰ্মচাৰীৰ দাবী মাঘ বিহুৰ পূৰ্বেই মুকলি কৰিব লাগে প্ৰাপ্য দৰমহা।