![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত কচুৱা তিনিআলিৰ পৰা অভিযান চলাই আৰক্ষীয়ে হিৰোইনসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজন কচুৱাৰ চাহিন আহমেদ বুলি জানিব পৰা গৈছে । যুৱকজনৰ পৰা আৰক্ষীয়ে ০.১৩ গ্ৰাম হেৰোইন জব্দ কৰাৰ লগতে নটাকৈ খালী কন্টেইনাৰ উদ্ধাৰ কৰে ৷
উল্লেখযোগ্য যে, ৰজাআলিৰ আটাবুৰ ৰহমান নামৰ এগৰাকী লোকৰ পৰা চাহিনে উক্ত হেৰোইনখিনি ক্ৰয় কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। আনহাতে, সম্প্ৰতি আটাবুৰ ৰহমান পলাতক অৱস্থাত আছে । আৰক্ষীয়ে ৰহমানক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।












