![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইৰ বৰবহাত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰ দুৰত ছিটিকি পৰিল এল্টো বাহন। তেজেৰে ৰাঙলী হ’ল এল্টো বাহনখনৰ ভিতৰত থকা এজন লোক।
গুৰত্বৰভাবে আহত এল্টো লোকজনক যাত্ৰীবাহী বাছেৰে লগে লগে লংকা হস্পিতাললৈ প্ৰেৰণ। নীলবাগানৰ পৰা লংকা অভিমুখী আছিল এল্টো বাহনখন।
মাটি কঢ়িয়াই নিয়া এখন ট্ৰেক্টৰৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত বুলি প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য। হঠাৎ বিপৰীত দিশৰ পৰা ট্ৰেক্টৰখনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ চেষ্টা চলাওঁতেই উক্ত দুৰ্ঘটনা সংঘটিত হয়।
বৰবহা ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰ দুৰত ছিটিকি পৰিল AS 01 AU 2882 নম্বৰৰ এল্টো বাহন খন। লগে লগে অচিনাকি ট্ৰেক্টৰখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
গুৰত্বৰভাবে আহত এল্টো বাহনত থকা লংকাৰ তাজেল ইছলাম নামৰ লোকজন। আহত তাজেল ইছলামক লংকা হস্পিতাললৈ প্ৰেৰণ । নীলবাগান আৰক্ষী আৰু শংকৰদেৱ নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।












