![]()
নিউজ ডেস্কঃ
কৰোনা হ’লেই অযথা ভয় খাই হস্পিটেলৰ বিছনাৰ বাবে দৌৰাদৌৰি কৰাৰ প্রয়োজন নাই। বিগত কেইবা দিনো ধৰি এই কথা কৈ আহিছে বিশেষজ্ঞ চিকিৎসকসকলে। এইবাৰ কৰোনা হ’লে কেতিয়া হস্পিটেললৈ যোৱা দৰকাৰ তাৰ এটি সুস্পষ্ট নির্দেশনা বুধবাৰে প্রকাশ কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে।
১। কৰোনা সংক্রমণৰ নতুন স্ফীতি চলি থকা অৱস্থাত উপসর্গহীন বা মৃদু উপসর্গৰ ৰোগীসকলক ঘৰতেই থাকি চিকিৎসা কৰোৱাৰ পৰামর্শ দিছিল চিকিৎসকসকলে। অৱশ্যে নতুন নির্দেশনাত কোৱা হৈছে যে ঘৰত থকাৰ সময়ত যদি ৰোগীসকলৰ তিনিদিনৰ বেছি ১০০ৰ ওপৰত জ্বৰ থাকে আৰু সেই জ্বৰ নামিব নিবিচাৰে তেন্তে বিশেষ চিকিৎসাৰ প্রয়োজন।
২। কৰোনাৰ দ্বিতীয় ঢৌত ডাঙৰ উপসর্গ আছিল শ্বাসকষ্টৰ সমস্যা। স্বাস্থ্য মন্ত্রালয়ে জনাইছে যে শ্বাসজনিত অসুবিধা বোধ কৰিলে এইবাৰো হস্পিটেললৈ যোৱাটোৱেই শ্রেয়।
৩। কোভিড ৰোগীসকলৰ অক্সিজেনৰ মাত্রাত নিয়মিত নজৰ ৰখাৰ কথা কোৱা হৈছে নতুন নির্দেশনাত। স্বাস্থ্য মন্ত্রালয়ে জনাইছে যে ঘৰৰ পৰিবেশত যদি এক ঘণ্টাৰ ভিতৰত তিনিবাৰ ৰোগীৰ অক্সিজেনৰ মাত্রা ৯৩ শতাংশৰ কমলৈ আহে, তেন্তে বিষয়টো চিন্তাজনক।
৪। খেয়াল ৰাখিব লাগিব শ্বাস-প্রশ্বাসৰ হাৰত। মিনিটত শ্বাস-প্রশ্বাসৰ মাত্রা ২৪ৰ বেছি হ’লেও বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ লোৱাটো জৰুৰী।
৫। শৰীৰৰ বিষ যদি নকমে বা কৰোনাত আক্রান্ত ৰোগীৰ যদি বুকুত অবিৰত চাপ অনুভৱ কৰি থাকে তেন্তে হস্পিটেললৈ যাওক।
৬। বিচাৰ-বিবেচনাত অসংলগ্নতা দেখা গ’লে বা মানসিক বিকাৰ দেখা গ’লেও ৰোগীক হস্পিটেললৈ লৈ যোৱাটো জৰুৰী।
৭। ৰোগীৰ যদি উঠোতে-বহোতে বা খোজকাঢ়োতে সমস্যা হয়, যদি পেশীত অত্যন্ত বিষ থাকে তেন্তে হস্পিটেললৈ নিয়ক৷
৮। শৰীৰত মাত্রাধিক ক্লান্তিবোধ থাকিলেও বিশেষজ্ঞৰ পৰামর্শ লোৱাটো জৰুৰী বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে।










