নিউজ ডেক্স:
এক কঠিন লক্ষ্য অনুসৰণ কৰি শুক্রবাৰে অসম্ভবক সম্ভব কৰাৰ লক্ষ্যৰে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে নামিছিল ভাৰত। সপোন দেখিছিল দক্ষিণ আফ্রিকাৰ মাটিত প্রথমবাৰ টেষ্ট শৃংখলা জয়ৰ।
কিন্তু এইবাৰো আধৰুৱাই হৈ ৰ’ল বিৰাট কোহলী বাহিনীৰ। দক্ষিণ আফ্রিকাৰ মাটিত শৃংখলা দখল নহ’ল। অন্তিম টেষ্টত দক্ষিণ আফ্রিকাই জয়লাভ কৰে ৭ উইকেটত।
শুক্রবাৰে চতুর্থ দিনা ভাৰতৰ প্ৰয়োজন আছিল ৮ উইকেট। দক্ষিণ আফ্রিকাৰ প্ৰয়োজন আছিল ১১১ ৰান। কিন্তু প্রথমৰ পৰাই ভাৰতীয় বলাৰসকলক অনায়াসে খেলি যায় কিগান পিটাৰছন আৰু ৰাছি ভেন ডাৰ ডুছেনে। অৱশেষত দিনটোত এটা উইকেট হেৰুৱাই ৭ উইকেটত মেচত জয়লাভ কৰাৰ লগতে ২-১ ব্যৱধানত শৃংখলা দখল কৰে দক্ষিণ আফ্ৰিকাই।