![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই নতুন বজাৰ ৰে’ল লাইনৰ ওচৰৰ পৰা দুই ড্ৰাগছ সেৱণকাৰীক কৰায়ত্ত কৰে হোজাই আৰক্ষীয়ে। হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি হোজাই নতুন বজাৰ ৰে’ল লাইনৰ সমীপৰ পৰা তিনিটা ড্ৰাগছভৰ্তি container-সহ দুই ড্ৰাগছ সেৱণকাৰীক আটক হোজাই আৰক্ষীৰ । দুই সেৱণকাৰী ক্ৰমে আব্দুল জলিল আৰু ৰাজু হুছেইন । ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 3000 টকা হ’ ব বুলি জানিব দিয়ে আৰক্ষী বিষয়াই।












