![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত উন্নয়ন খণ্ড চৌহদত অৱস্থিত আৰচেটি গ্ৰাম্য প্ৰশিক্ষণ কেন্দ্রত আজি গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ ৩৪গৰাকী মহিলাক বেংকৰ বিত্ত টুল কিট প্ৰদান কৰা হয়। ১৮ৰ পৰা ৪৫ বছৰৰ মহিলাসকলক ইতিমধ্যে ৫ দিনীয়া প্ৰশিক্ষণ দিয়া হৈছিল। ৩৪গৰাকী মহিলাৰ ৭ দিনীয়া গাহৰি পালন প্ৰশিক্ষণ চলি আছে। ২ ফ্ৰেব্ৰুৱাৰীত এই অনুষ্ঠানৰ অন্ত পৰিব। কেন্দ্রত আজি পৰ্যন্ত ৮৯টা দলক প্ৰশিক্ষণ দিয়া হৈছে।
আজি অনুষ্ঠিত টুল কিট বিতৰণ সভাত কেন্দ্র সঞ্চালক চিন্ময় জোতি গোহাঁইৰ লগতে পঞ্জাব নেচনেল বেংকৰ যোৰহাটস্থিত চিফ মেনেজাৰ দীপক কুমাৰ, বোকাখাত শাখাৰ শাখা প্ৰবন্ধক আব্দুল ৰৌফ, সহকাৰী পৰিচালক সঞ্জীৱ বড়ো, এন, আৰ এল, এম জিলা বিষয়া ৱাকিদ আলী চৌধুৰী, জেষ্ঠ সাংবাদিক ভবানন্দ কলিতা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে।













