![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি মাৰি পানবজাৰ মেঘদূত ভৱনত স্মাৰ্ট চোৰৰ লুটপাত। কামৰূপ(ম) মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত আৰু উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে থকা মেঘদূত ভৱনত চোৰে চলালে লুটপাত। শুকুৰবাৰে নিশা চোৰে লুটপাট চলাই প্ৰায় ৩ লাখ টকা সম্পত্তি লৈ যায় বুলি প্ৰকাশ কৰিছে পাণবজাৰ আৰক্ষীৰ সূত্ৰই।
উল্লেখ্য যে নিশা মেঘদূত ভৱনৰ ভূমি মহলাৰ পৰা পঞ্চম মহলাত প্ৰৱেশ কৰি মেঘদূত ভৱনৰ বাকচত থকা প্ৰায় ৩লাখ টকা চোৰ কৰে। চোৰে মেঘদূত ভৱনৰ মূল লকাৰটো খুলিবলৈ চেষ্টা চলাইছিল যদিও খুলিব নোৱাৰিলে। নিশা প্ৰায় ১০.৩০ বজাত চুৰিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষী।
ইফালে, শনিবাৰে পুৱা মেঘদূত ভৱনৰ কৰ্মচাৰীৰ কাৰ্যালয়লৈ অহাত চুৰি কাণ্ডৰ ঘটনাটো পোহৰলৈ আহে। কাৰ্যালয় লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰি কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়ে। গুৰুত্বপূৰ্ণ কথা সকলো সময়তে আৰক্ষী প্ৰশাসনে গিজগিজাই থকা উপৰিও মেঘদূত ভৱনটোত থাকে চিকিউৰিটি। তেনে অৱস্থাত পঞ্চম মহলাত সংঘটিত হোৱা চুৰিকাণ্ডৰ ঘটনাইয়ো এক ৰহস্য সৃষ্টি কৰিছে। আনহাতে সমগ্ৰ ঘটনাৰ তদন্তৰ ইতিমধ্যে আৰম্ভ কৰিছে পাণবজাৰ আৰক্ষীয়ে। আৰক্ষী তদন্তত পোহৰলৈ আহিব চুৰিকাণ্ড সম্পূৰ্ণ ৰহস্য।













