![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
স্বাৱলম্বীতা তথা কৰ্মসংস্হাপনৰ এক সুন্দৰ নিৰ্দেশন দাঙি ধৰিছে হোজাই জিলাৰ লংকাৰ এজন যুৱকে। নাম ছফিৰ উদ্দিন। জন্মৰ কিছু দিনৰ পিছতেই দুখন ভৰিৰে খোজ কাঢ়িব নোৱাৰা হয় ছফিৰ উদ্দিনে, নিজৰ পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল নহৈ, আন সাধাৰণ যুৱকৰ দৰে কৰি গৈছিল নিজৰ নিত্য নৈতিক দৈনিক কাম । আন সাধাৰণ যুৱকৰ দৰে পঢ়া-শুনা কৰি জীৱনত এজন সফল ব্যক্তি হোৱাৰ আছিল হেপাহ। শাৰীৰিক সক্ষমতাকো নেওচি মহাবিদ্যালয়ৰ পৰা বি.কম, আৰু পিছত এম. কম, আৰু ডিয়েলেট পাছ কৰিছিল ছফিৰ উদ্দিনে। পঢ়া-শুনা কৰিও চৰকাৰী চাকৰি নাপাই বহি থকা নাই উক্ত যুৱকজন।
ছফিৰ শাৰীৰিকভাৱে সক্ষম হোৱা হেতুকে চৰকাৰী এক আঁচনিৰ পৰা প্ৰতিমাহে পাইছিল ১০০০ টকাকৈ। সেই টকাৰে কিছু অংশ জমা কৰি ঘৰৰ ওচৰৰ বজাৰৰ পৰা বিভিন্ন গছৰ গুটি আনি আৰম্ভ কৰিছিল এখন সৰু নাৰ্চাৰী। ঘৰৰে কাষতে পৰি থকা মাটিত বিভিন্ন জাতৰ গছপুলি ৰোপন কৰি ২০১৭ চনৰ পৰা বৰ্তমানলৈকে এজন সফল ব্যৱসায়ী হিচাপে পৰিগণিত হৈছে ছফিৰ উদ্দিন। বৰ্তমানক ছফিৰৰ উক্ত নাৰ্চাৰিৰ পৰা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় গছপুলি। শাৰীৰিক সক্ষম হৈও বহু কষ্টৰ অন্তত: সাধাৰণ যুৱকৰ দৰে বৰ্তমান উক্ত শাৰীৰিকভাৱে সক্ষম যুৱকজনে নিজৰ নাৰ্চাৰী ব্যৱসায় জৰিয়তে নিজৰ লগতে পৰিয়ালটোক পোহপাল দিৱলৈ সক্ষম হৈছে।
উল্লেখ যে, শাৰীৰিকভাৱে সক্ষম হৈও অধ্যাৱ্যসায়ৰ বলত যে মানুহ উচ্চ শিখৰৰ স্হান দখল কৰিব পাৰে তাৰ এক সুন্দৰ নিৰ্দেশন দাঙি ধৰিছে, লংকাৰ ছফিৰ উদ্দিন নামৰ শাৰীৰিক সক্ষম যুৱকজনে।












