![]()
নিউজ ডেস্কঃ
প্ৰধান শিক্ষক আৰু এগৰাকী সহকাৰী শিক্ষকৰ মাজত হতাহতি৷ ঘটনাটি সংঘটিত হয় পশ্চিমবংগৰ নদিয়াত৷ নদিয়াৰ কৃষ্ণনগৰৰ কলেজিয়েট স্কুলত বুধবাৰে ঘটে এই লজ্জাজনক ঘটনা ৷

প্রধান শিক্ষকজন দীর্ঘ দিন ধৰি বিভিন্ন দুর্নীতিত জড়িত থকাৰ অভিযোগ। স্কুলৰ অন্যান্য শিক্ষকে প্রতিবাদ কৰিলেই বিভিন্ন ভাবুকি দিয়াৰো অভিযোগ তেওঁৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, শিক্ষকসকলৰ কাগজ-পত্র আবদ্ধ কৰি ৰখাৰো অভিযোগ। প্রধান শিক্ষকৰ বিৰুদ্ধে মুখ খুলিলে বদলি কৰাৰ ভাবুকি দিয়াৰো অভিযোগ। এই অভিযোগ-প্ৰতি অভিযোগেই বুধবাৰে চূড়ান্ত পৰ্যায়ত উপনীত হয় ৷
স্কুলখনৰ ভূগোলৰ শিক্ষক নিমাই মজুমদাৰৰ অভিযোগ, তেওঁৰ কিছু প্রয়োজনীয় কাগজ দীর্ঘ দিন ধৰি ৰাখি থৈছে প্রধান শিক্ষকে৷ বুধবাৰে তাৰেই প্রতিবাদত প্রধান শিক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান-বিক্ষোভ কৰে তেওঁ। সেই সময়তে প্রধান শিক্ষক প্রতিবাদী শিক্ষকজনৰ ওপৰত খড়গহস্ত হৈ পৰে। আৰম্ভ হয় দুয়ো শিক্ষকৰ মাজত প্ৰচণ্ড মাৰপিট৷ সংবাদ মাধ্যমৰ সন্মুখতেই মাৰপিটত লিপ্ত হয় ২ শিক্ষক ৷
অৱশ্যে নিজৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰে কৰে প্রধান শিক্ষক মনোৰঞ্জন বিশ্বাসে। ওলোটোই ভূগোলৰ শিক্ষকজনৰ বিৰুদ্ধে অভব্য আচৰণৰ অভিযোগ তোলে প্রধান শিক্ষকজনে।











