![]()
নিউজ ডেস্কঃ
ফেব্রুৱাৰীৰ আৰম্ভণিৰ পৰাই সলনি হ’ল বিভিন্ন ৰাষ্ট্ৰীয়কৃত আৰু ব্যক্তিগত বেঙ্কত লেনদেন সংক্রান্তীয় কিছু নিয়ম। দেশৰ বৃহত্তম বেংক ভাৰতীয় ষ্টেট বেংকৰ লগতে পঞ্জাব নেচনেল বেঙ্ক, বেঙ্ক অব বৰোডা আৰু আইচিআইচিআইয়েও গ্রাহক সেৱা সংক্রান্তীয় কিছু নিয়ম সলনি কৰিছে।
এছবিআইয়ে ‘তাৎক্ষণিক ধন লেনদেন সেৱা’ (আইএমপিএছ)ৰ ঊর্ধ্বসীমা ২ লাখ টকাৰ পৰা বৃদ্ধি কৰি ৫ লাখ টকা কৰিছে। তাৰ লগত জড়িত হৈ আছে ‘সেৱা চার্জ’। আগতে এনে লেনদেনত অতিৰিক্ত কোনো ধন দিব নালাগিছিল। কিন্তু নতুন নিয়মত ২ লাখ টকা পর্যন্ত লেনদেনৰ ক্ষেত্রত জিএছটিৰ উপৰি ২-১২ টকা সেৱা খৰচ লাগিব। ২ লাখ টকাৰ ওপৰত লেনদেনৰ ক্ষেত্রত সেয়া হ’ব ২০ টকা।
অৱশ্যে নেট বেঙ্কিং, মোবাইল বেঙ্কিং বা এছবিআই য়নোৰ জৰিয়তে লেনদেনৰ বাবে গ্রাহকসকলে কোনো অতিৰিক্ত খৰচ বহন কৰিব নালাগে। অনলাইনত এনইএফটিৰ জৰিয়তে ২ লাখ টকা পর্যন্ত লেনদেনৰ ক্ষেত্রতো দিব নালাগে কোনো ‘ছার্ভিচ চার্জ’। বেঙ্ক অব বৰোডাত চলিত মাহৰ পৰা আৰম্ভ হৈছে ‘পজিটিভ পে ছিষ্টেম’। চেকৰ জৰিয়তে টকা লেনদেনৰ ক্ষেত্রত প্রতাৰণা ৰুধিবলৈয়েই এই ব্যৱস্থা। আনহাতে, এতিয়াৰে পৰা একাউন্টত টকা নাথাকিলেও ইএমআই কৰিলে গ্রাহকৰ জৰিমনা বৃদ্ধি কৰি ২৫০ টকা কৰিছে পিএনবিয়ে।











