![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দেশৰ মুঠ ৪২টা সংগঠনক সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰিলে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে। লগতে বেআইনী কার্যকলাপ প্রতিৰোধ আইন (ইউএপিএ) অনুযায়ী ৩১ জনক সন্ত্ৰাসবাদী হিচাবে ঘোষণা কৰিছে কেন্দ্রই। আনহাতে, বেআইনী কার্যকলাপত সহযোগিতা কৰাৰ অভিযোগ ১৩টা সংগঠনৰ বিৰুদ্ধে। এই সংগঠনবোৰক নিষিদ্ধ ঘোষণা কৰা হৈছে। গৃহ মন্ত্ৰালয়ে কেন্দ্র আৰু ৰাজ্যৰ চোৰাংচোৱা সংস্থাবোৰক এই নিষিদ্ধ সংগঠন আৰু ব্যক্তিসকলৰ ওপৰত কঠোৰ দৃষ্টি ৰখাৰ নির্দেশ দিয়া হৈছে।
সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা সংগঠনকেইটা হৈছে-
বব্বৰ খালসা ইন্টাৰনেচনেল
খালিস্তান কমান্ডো ফৰ্চ
খালিস্তান জিন্দাবাদ ফৰ্চ
ইন্টাৰনেচনেল শিখ য়ুথ ফেডাৰেচন
খালিস্তান লিবাৰেচন ফৰ্চ
লস্কৰ–ই–তৈবা
জঈশ–ই–মহম্মদ ওৰফে তেহৰিক–ই–ফুৰকান
জামাত–উল–মুজাহিদিনৰ জামায়াত–উল–মুজাহিদিন বাংলাদেশ
জামাত–উল–মুজাহিদিন ভাত
লিবাৰেচন টাইগাৰ্ছ অব তামিল ইলম
তামিলনাডু লিবাৰেচন আর্মি
তামিল নেচনেল ৰিট্রিভাল ট্রুপছ
আলফা
মণিপুৰ পিপলছ লিবাৰেচন ফ্রন্ট (এমপিএলএফ)
নেচনেল ছচিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড (খাপলাং)
নেচনেল ডেমোক্রেটিক ফ্রন্ট অব বড়োলেণ্ড
পিপলছ লিবাৰেচন আর্মি (পিএলএ)
ইউনাইটেড নেচনেল লিবাৰেচন ফ্রন্ট (ইউএনএলএফ)
পিপলছ লিবাৰেচন পার্টি অব কাংলেইপাক
কাংলেইপাক কমিউনিষ্ট পার্টি (কেচিপি)
কাংলেই ইয়াওল কানবা লুপ (কেৱাইকেএল)
ত্রিপুৰা টাইগাৰ ফৰ্চ
নেচনেল লিবাৰেচন ফ্রন্ট অব ত্রিপুৰা
অখিল ভাৰত নেপালী একতা সমাজ
গাৰো নেচনেল লিবাৰেচন আর্মি
কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ সকলো সংগঠন











