![]()
নিউজ ডেস্কঃ
হিজাব পিন্ধাই দোষ। কেইগৰাকীমান ছাত্রীক শ্ৰেণীকোঠাত সোমাবলৈ নিদিলে কলেজ কর্তৃপক্ষই। কর্নাটকৰ উদুপি জিলাৰ কুণ্ডাপুৰ চহৰৰ এই ঘটনা। এই বছৰ বিজেপিশাসিত ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে ঘটিল এনে ধৰণৰ ঘটনা।
ইয়াৰে এটি ভিডিও ভাইৰেল হৈছে। তাত দেখা গৈছে, ছাত্রীসকলে কাকুতি–মিনতি কৰিছে। কৈছে, আৰু দুমাহ পিছতেই পৰীক্ষা। সেয়ে তেওঁলোকক যেন অন্তত শ্ৰেণীত উপস্থিত থাকিবলৈ দিয়া হয়। কলেজখনৰ অধ্যক্ষকো তেওঁলোকে অনুৰোধ জনাইছে।
উল্লেখ্য, ইমান দিনে কর্নাটকত নিয়ম আছিল যে কলেজত হিজাব পিন্ধি যাব পাৰিব। কিন্তু শ্ৰেণীকোঠাত বহিব নোৱাৰিব। তেতিয়া মুখৰ পৰা হিজাব খুলি ল’ব লাগিব। উদুপিৰ জিলা তত্ত্বাৱধায়ক মন্ত্রী এছ আঙ্গাৰাই ঘটনা সন্দৰ্ভ কয়, ‘জিলা প্রশাসনৰ সৈতে এই সম্পৰ্কে আলোচনা কৰা হ’ব। সকলো কলেজৰ বাবে পৃথককৈ নিয়ম কৰাটো সম্ভৱ নহয়। যি হ’ব, সেয়া সকলো কলেজৰ ক্ষেত্রতেই প্রযোজ্য হ’ব।’
ঘটনাটি বুধবাৰৰ। সেইদিনা হিজাব পিন্ধি কলেজলৈ যায় ছাত্রীকেইগৰাকী। আনহাতে, গেৰুৱা চাদৰ লৈ কলেজলৈ আহে প্রায় ১০০ ছাত্র। এই সন্দৰ্ভত এগৰাকী ছাত্রীয়ে হাইকোর্টত আবেদন জনাইছে বুলি জানিব পৰা গৈছে।











