![]()
নিউজ ডেস্কঃ
ভুবা খবৰ বিয়পোৱা কিয় বন্ধ কৰা নাই? এই সন্দৰ্ভত বৈঠকত গুগল, টুইটাৰ আৰু ফেচবুকৰ বিষয়াসকলৰ সৈতে উত্তপ্ত বাক্য বিনিময় হ’ল কেন্দ্রৰ বিষয়াসকলৰ। উল্লেখ্য, ভাৰতত নতুন তথ্য-প্রযুক্তি বিধি কার্যকৰী হোৱাৰ পিছত টুইটাৰ–ফেচবুকৰ সৈতে বহু কেইবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে নৰেন্দ্র মোদী চৰকাৰৰ। ডিচেম্বৰ আৰু জানুৱাৰী মাহত ইউটিউবৰ ৫৫টা চেনেল আৰু টুইটাৰ–ফেচবুকৰ কেইবাটাও একাউন্ট ব্লক কৰি দিয়ে তথ্য-প্রযুক্তি মন্ত্ৰালয়ে। অভিযোগ, উক্ত চেনেল আৰু একাউন্টবোৰৰ জৰিয়তে ‘ভুৱা খবৰ’ আৰু ‘দেশ বিৰোধী’ তথ্য প্রচাৰ কৰা হৈছিল। এইবোৰৰ ভিতৰত কেইবাটাও একাউন্ট চলোৱা হৈছিল পাকিস্তানৰ পৰা। নতুন তথ্য-প্রযুক্তি বিধিত বর্ণিত ‘জৰুৰী ক্ষমতা’ ব্যৱহাৰ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছিল কেন্দ্রই। তাৰ পিছত এই প্রথমবাৰৰ বাবে টুইটাৰ, ফেচবুক, গুগল আৰু ভাৰতীয় ছচিয়েল মিডিয়া সংস্থা শ্বেয়াৰ চাট, কুৰ বিষয়াসকলৰ সৈতে বৈঠকত বহে তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ বিষয়াসকল।
অৱশ্যে চৰকাৰীভাবে মুখ খোলা নাই তথ্য-প্রযুক্তি মন্ত্ৰালয়ে। কিন্তু মন্ত্ৰালয়ৰ সূত্র মতে, বৈঠকত উত্তপ্ত বাক্য বিনিময়ৰ খবৰ সঠিক নহয়। অৱশ্যে চৰকাৰৰ বক্তব্য সজোৰে উত্থাপন কৰা হৈছে।











