![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় শিক্ষা মন্ত্ৰালয়ে আজি এক বিবৃতিৰ জৰিয়তে বিদ্যালয়সমূহৰ বাবে জাৰি কৰিছে এছঅ’পি।
শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা নির্দেশনাবোৰ হৈছে :
• সঠিকভাবে স্কুল পৰিষ্কাৰ আৰু ছেনিটাইজ কৰিব লাগিব।
• শিক্ষাৰ্থীসকল বহা স্থানত প্রত্যেকৰে মাজত দূৰত্ব অন্তত ৬ ফুট থাকিব লাগিব।
• ষ্টাফ ৰুম, কাৰ্যালয় চৌহদ, প্ৰেক্ষাগৃহ আৰু সাধাৰণ স্থানত সামাজিক দূৰত্ববিধি মানি চলিব লাগিব।
• দূৰত্ববিধি মানি চলাটো সম্ভৱ নোহোৱা কোনো কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব।
• সকলো শিক্ষাৰ্থী, শিক্ষক, শিক্ষাকর্মীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু সেয়া সকলো সময়তে পিন্ধি থাকিব লাগিব।
• মধ্যাহ্ন ভোজনৰ সময়তো দূৰত্ববিধি মানিব লাগিব।
• প্ৰতিদিনে স্কুলৰ যান-বাহন ছেনিটাইজ কৰিব লাগিব।
• হোষ্টেলৰ ক্ষেত্রত প্রতিখন বিছনাৰ মাজত যথেষ্ট দূৰত্ব ৰাখিব লাগিব।
• হোষ্টেলত থকাৰ আগতে স্কেনিং কৰিব লাগিব প্রত্যেকৰে।
• পিতৃ-মাতৃৰ অনুমতিক্রমে কোনো শিক্ষাৰ্থীয়ে ঘৰতে থাকি পঢ়া-শুনা কৰিব বিচাৰিলে সেয়া মঞ্জুৰ কৰিব লাগিব।
• উপস্থিতিৰ হাৰক লৈ কঠোৰ হ’ব নোৱাৰিব।











