![]()
নিউজ ডেস্কঃ
আফগানিস্তানত পুনৰবাৰ শিক্ষানুষ্ঠানত প্রবেশাধিকাৰৰ সুযোগ পালে ছাত্ৰীসকলে। দ্বিতীয় তালিবান শাসনৰ পিছত এই প্রথম দেশখনৰ চৰকাৰী শিক্ষা প্রতিষ্ঠানবোৰ ছাত্ৰীসকলৰ বাবে খুলি দিয়া হ’ল। ইয়াৰ ফলত বহু অনিশ্চয়তা কাটি পুনৰ স্কুলত প্ৰৱেশৰ পথ প্ৰশস্ত হ’ল আফগান ছোৱালীসকলৰ।
তালিবান প্রশাসনে অৱশ্যে এই সন্দৰ্ভত কোনা চৰকাৰী বিবৃতি এতিয়াও জাৰি কৰা নাই। কিন্তু দেশখনৰ শিক্ষা বিষয়াসকলে জনাইছে, ছাত্রীসকলক পুনৰ স্কুললৈ যোৱাৰ অনুমতি দিয়া হৈছে। অৱশ্যে সেয়া চর্তসাপেক্ষে। ছাত্ৰসকলৰ পৰা পৃথকে বহুওৱাৰ চর্ততেই ছাত্ৰীসকলক পুনৰ স্কুলত প্রবেশৰ অধিকাৰ দিয়া হৈছে।











