![]()
নিউজ ডেস্কঃ
এগৰাকী ভিক্ষাৰীৰ বেংক একাউণ্টত লাখ লাখ টকা! সম্প্ৰতি মধ্যপ্রদেশৰ খাণ্ডোৱাত তেনে এগৰাকী মহিলাৰ সন্ধান পোৱা গৈছে।
খাণ্ডোৱাৰ কোতোৱালি থানাৰ ওচৰতেই ভিক্ষা খুজিছিল মহিলাগৰাকীয়ে। আউলি-বাউলি চুলি, ছিঙা-ফটা কাপোৰেৰে পুৱাই ৰাস্তালৈ ওলাই আহে ভিক্ষা খুজিবলৈ। কোনোৱে দিয়ে, কোনোৱে আকৌ মুখ ঘূৰাই আঁতৰি যায়। গোটেই দিনটো ভিক্ষা কৰি পুনৰ থানাৰ কাষত থকা এখন অব্যৱহৃত ট্রেকাৰৰ তলত বিছনা পাৰি শুই থাকে।
জানিব পৰা মতে, মহিলাগৰাকীৰ নাম শীলা যোশী। খাণ্ডোৱাৰ বিএছএনএলৰ উচ্চপদস্থ কর্মচাৰী আছিল তেওঁ। ২০০৫ত অৱসৰ গ্ৰহণ কৰে।
কিন্তু তেওঁৰ কিয় এনে অৱস্থা হ’ল? সম্প্রতি মহিলাগৰাকীৰ পুত্ৰ অৰবিন্দই তেওঁৰ মাতৃৰ সন্ধান পাই খাণ্ডোৱালৈ আহে। তেওঁ জনোৱা মতে, তেওঁৰ মাতৃ মানসিক ভাৰসাম্যহীন। জানিব পৰা মতে, মহিলাগৰাকীৰ বেঙ্ক একাউন্টত প্রায় চাৰে সাত লাখ টকা আছে। ইয়াৰ উপৰি আছে অন্য সম্পত্তিও।











