![]()
নিউজ ডেস্কঃ
এইবাৰ কেন্দ্ৰীয় চৰকাৰে বিক্ৰী কৰিব আইডিবিআই বেংকৰ শ্বেয়াৰ৷ এই শ্বেয়াৰ শীঘ্ৰে বিক্ৰী কৰা হ’ব বুলি জনাইছে কেন্দ্রৰ বিনিয়োগ আৰু গণ সম্পত্তি মূল্যায়ন বিভাগৰ সচিব তুহিন কান্ত পাণ্ডেই। অংশীদাৰিত্ব বিক্ৰীৰ চূড়ান্ত প্রস্তুতি চৰকাৰে চলোৱা বুলিও তেওঁ লগতে জনায়। এই সন্দৰ্ভত মার্চৰ শেষভাগতেই আইডিবিআই বেঙ্কৰ এক্সপ্রেছন অব ইণ্টাৰেষ্ট অনা হ’ব। ইয়াৰ জৰিয়তে কর্প’ৰেট কোম্পানীবোৰে আইডিবিআই বেংক ক্ৰয়ৰ আবেদন কৰিব পাৰিব।
বর্তমান আইডিবিআই বেংকত চৰকাৰৰ শ্বেয়াৰ ৪৫.৪৮ শতাংশ আৰু এলআইচিৰ ৪৯.২৪ শতাংশ।











