![]()
নিউজ ডেস্কঃ
১৭ বছৰ পিছত প্রথমবাৰৰ বাবে মার্ক জুকাৰবার্গৰ কোম্পানীৰ ইউজাৰ কমিল বৃহৎ পৰিমাণত। যাৰ প্ৰভাৱ পৰিল ফেচবুকৰ অভিভাৱক কোম্পানী ‘মেটা’ৰ ওপৰতো।
ব্যৱহাৰকাৰীৰ সংখ্যা কমাৰ ফলতে মেটাৰ লাভ বহুখিনি কমাৰ লগতে প্ৰভাৱ পৰিছে বিজ্ঞাপন ব্যৱসায়তো। বুধবাৰে এই ঘোষণা মেটাৰ।
ইফালে বৃহস্পতিবাৰে মেটাৰ শ্বেয়াৰ মূল্যৰ অৱনমন ঘটে প্রায় ২৬ শতাংশ। ফলত এটা দিনতে কোম্পানীটোৱে লোকচানৰ সন্মুখীন হয় প্রায় ১৭ লাখ কোটি টকাৰ।
বিশেষজ্ঞসকলৰ মতে, ফেচবুকে ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধিৰ দিন হেৰুৱাইছে। ফেচবুকে শেহতীয়া দুই ত্রৈমাসিকত প্রায় ১০ লাখ ব্যৱহাৰকাৰী হেৰুৱাইছে।
ইয়াৰ উপৰি বহু ব্যৱসায়িক কোম্পানীয়ে বৰ্তমান তেওঁলোকৰ পণ্যৰ বিজ্ঞাপনৰ বাবে বেছি পছন্দ কৰিছে গুগলক৷ ইমান দিনে বিজ্ঞাপন ব্যৱসায়ত ফেচবুকৰ আধিপত্য আছিল। যাৰ ফলত ক্ষতিৰ সন্মুখীন হ’বলগা হৈছে মেটা।











