![]()
নিউজ ডেস্কঃ
গৰম হৈ উঠিছে উত্তৰ প্রদেশ বিধানসভাৰ নির্বাচনী প্রচাৰ। ইয়াৰ পূৰ্বে নিৰ্বাচনী বতাহ গৰম কৰিছিল বিজেপি আৰু সমাজবাদী পার্টিয়ে। এইবাৰ কংগ্রেছৰ পাল। কংগ্ৰেছে নিৰ্বাচনী ৰণত অস্ত্ৰ কৰি লৈছে জনপ্রিয় তামিল ছবি ‘পুষ্পা’। পুষ্পাৰ ছুপাৰ হিট শ্রীভাল্লিৰ সুৰত কংগ্রেছে ‘তু হ্যায় গজব ইউপি, তেৰি কসম, ইউপি’। এই গানটোৰ এটি ভিডিও বনাই টুইটাৰত প্রকাশ কৰিছে উত্তৰ প্রদেশৰ প্রদেশ কংগ্রেছে। ভিডিওটোৰ কেপচনত লিখা হৈছে, ‘উত্তৰ প্রদেশৰ হৈ গর্বিত।’
টুইটাৰত অৱশ্যে সম্পূৰ্ণ গানটো নহয়, এক মিনিটৰ আৰম্ভণিৰখিনিহে পোষ্ট কৰা হৈছে। গানৰ মাজত বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে, ‘আমাৰ ইউপি টাইপ।’ ইয়াত এইটো স্পষ্টত যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনকে কটাক্ষ কৰা হৈছে।
কিয়নো কেন্দ্রীয় বাজেট দাখিল কৰাৰ পিছত মঙ্গলবাৰে সংবাদমেলত এবাৰ ‘ইউপি টাইপ’ শব্দ দুটা কৈছিল।
ইয়াকে লৈ পলম নকৰি উভতি ধৰে কংগ্রেছে। প্রিয়ঙ্কা গান্ধীয়ে বিত্তমন্ত্রীক আক্রমণ কৰি কয়, ‘কি প্ৰয়োজন আছিল উত্তৰ প্রদেশৰ মানুহক অপমান কৰাৰ? জানি থব, উত্তৰ প্রদেশৰ মানুহ গর্বিত যে তেওঁলোক ইউপি টাইপ।’











