![]()
নিউজ ডেস্কঃ
লতা মঙ্গেশকাৰৰ শাৰীৰিক পৰিস্থিতি পুনৰ অৱনতি। কিংবদন্তি গায়িকাগৰাকীক দিয়া হৈছেয়া ভেন্টিলেচন। কিছু দিন পূৰ্বে কৰোনা আক্রান্ত হৈছিল তেওঁ। বিগত মাহৰ ১১ তাৰিখে মুম্বাইৰ ব্রিচ কেণ্ডি হস্পিটেলত ভর্তি কৰোৱা হৈছিল তেওঁক। নিউমোনিয়া ধৰা পৰে ৯২ বছৰীয়া গায়িকাগৰাকীৰ। শনিবাৰে হস্পিটেল কর্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰিছে। তাত কোৱা হৈছে, ‘লতা মঙ্গেশকাৰৰ শাৰীৰিক পৰিস্থিতিৰ পুনৰ অৱনতি হৈছে। তেওঁৰ অৱস্থা সংকটজনক। তেওঁক ভেন্টিলেটৰ ছাপোর্টত ৰখা হৈছে। আইচিইউতেই আছে। তেওঁ চিকিৎসকৰ তত্ত্বাৱধানত আছে।’’











