![]()
নিউজ ডেস্কঃ
মুম্বাইৰ প্রবল যান-জটে বৃদ্ধি কৰিছে বিবাহ বিচ্ছেদৰ প্রবণতা। এই দাবী বিজেপি নেতা তথা মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেবেন্দ্র ফড়ণবীসৰ পত্নী অমৃতাৰ। তেওঁৰ দাবী, দেশৰ বাণিজ্যিক ৰাজধানীত অন্তত ৩ শতাংশ বিবাহ বিচ্ছেদৰ কাৰণ যান-জট।
অমৃতাই কয়, ‘‘এজন সাধাৰণ নাগৰিক হিচাবে মই এই কথা কৈছো। বাহিৰলৈ ওলালেই ৰাস্তাত গাঁত, যান-জটসহ বহু সমস্যা দেখা যায়। যান-জটৰ কাৰণে মুম্বাইৰ নাগৰিকসকলে তেওঁলোকৰ পৰিয়ালক সময় দিব নোৱাৰে আৰু ইয়াৰ ফলতেই ৩ শতাংশ বিবাহ বিচ্ছেদ হয়।’’











