![]()
নিউজ ডেস্কঃ
১৯৯৩ চনৰ মুম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম অভিযুক্ত ধৰা পৰিল সংযুক্ত আৰব ৰাষ্ট্ৰত। অভিশপ্ত দিনটোত সমগ্ৰ মুম্বাইত ১২টা বোমা বিস্ফোৰণত মৃত্যু হৈছিল ২৫৭ জনৰ, আহত ৭১৫। ধৃত সন্ত্ৰাসবাদী আবু বকৰ দাউদ ইব্রাহিমৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে। পাক অধিকৃত কাশ্মীৰত আগ্নেয়াস্ত্র আৰু বোমা বিস্ফোৰণ, আৰডিএক্স যোগান আৰু দাউদৰ ঘৰত বহি কূটাঘাতৰ ষড়যন্ত্ৰসহ একাধিক অপৰাধত অভিযুক্ত বকৰ।
মুম্বাই বিস্ফোৰণ কাণ্ডত মূল চক্ৰান্তকাৰীসকলৰ এজন এই আবু বকৰ বুলি ভাৰতীয় চোৰাংচোৱাৰ দাবী। পাকিস্তান আৰু আৰবত আমিৰশাহিতে পলাই আছিল। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ পৰা তথ্য লাভ কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।











