![]()
নিউজ ডেস্কঃ
সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ শেহতীয়াকৈ স্বাস্থ্য পুনৰ অৱনতি ঘটিছে। বিগত ২৭ দিন ধৰি মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি হৈ থকা লতা মংগেশকাৰ সুস্থ হৈ আছিল যদিও আজি হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰিত কৰা হয়। ডাঃ প্ৰতিত সম্দানীৰ মতে, তেওঁ বৰ্তমান আইচিইউত আছে আৰু বৰ্তমান তেওঁৰ স্বাস্থ্য নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে।
ইফালে, ৰাজ ঠাকৰেৰ উপৰিও আশা ভোচলেও লতাজীৰ অৱস্থাৰ বিষয়ে জানিবলৈ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত উপস্থিত হৈছে। লগতে, চিকিৎসালয়ৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
ইয়াৰ উপৰিও, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলেও ব্ৰিচ কেণ্ডি চিকিৎসালয়ত উপস্থিত হয় আৰু লতা মংগেশকাৰৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰাৰ লগতে শিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।
ইণ্ডিয়া টিভিৰ মতে, তেওঁৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰিত কৰিছে। এই বাতৰিটোৰ পিছত, তেওঁৰ লাখ লাখ অনুৰাগী পুনৰ চিন্তিত হৈ পৰিছে।











