ASSAM TIMES POST
গুৱাহাটীঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক মঙলবাৰে নতুন দিল্লীত সাক্ষাৎ কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক সাক্ষাতৰ সময়ত ডঃ শৰ্মাৰ লগতে ইণ্ডিয়ান টী এছ’ছিয়েছনৰ এটা সঁজাতি দলো উপস্থিত থাকে।
এক বিবৃতিত মন্ত্ৰীজনে জনোৱা অনুসৰি, নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি অসমৰ চাহ উদ্যোগ সম্পৰ্কত আলোচনা কৰা হয়। মূলতঃ অসমৰ চাহ উদ্যোগটোৱে সন্মুখীন হৈ অহা সমস্যাসমূহ কিদৰে নাইকিয়া কৰিব পাৰি তাকে লৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰপৰা উপাই বিচাৰে ডঃ শৰ্মাই।













