
ডিমাছা হাছাও জিলাত সংঘটিত হোৱা ভয়ানক ভূমিস্খলন হৈছে৷ এই ভূমিস্খলনৰ ঘটনাই জনজীৱন স্তব্ধ কৰি তুলিছে৷ ইয়াৰ লগতে শিলচৰ-জাটিংগা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত কৰি তুলিছে।

প্ৰাপ্ত তথ্য অনুসৰি বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্যস্ততাপূৰ্ণ শিলচৰ-জাটিংগা ৰাষ্ট্ৰীয় পথৰ ওপৰত থকা জাটিংগা দলঙৰ সমীপত যোৱা নিশা প্ৰায় দুই বজাত ভূমিস্খলন সংঘটিত হয়।
উল্লেখযোগ্য যে পাহাৰৰ পৰা প্ৰকাণ্ড শিল, বৃহৎ গছ উভালি পথৰ ওপৰত পৰাৰ ফলত বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা। ইফালে পাহাৰৰ পৰা বৈ অহা ঘোলা পানীয়ে পকী পথৰ অৱস্থা শোচনীয় কৰি তুলিছে৷
ফলত যাতায়াতৰ অনুপযোগী কৰি তুলিছে। ইতিমধ্যে উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পাৰত শ শ যান বাহন আবদ্ধ হৈ পৰিছে। ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথটো মুকলি কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লৈ পথটো যাতায়াতৰ উপযোগী কৰিবলৈ তীব্ৰ গতিত প্ৰচেষ্টা অব্যাহত ৰাখিছে।













