ASSAM TIMES POST
গুৱাহাটীঃ যোৱা কেইটামান দিনত চুবুৰীয়া ৰাজ্য মণিপুৰৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ বিপৰীতে সম্প্ৰতি ই সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে। মূলতঃ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং এই আসনখনৰপৰা অপসাৰিত হ’ব বুলি যোৱা দিনকেইটাত প্ৰচাৰ চলিছিল যদিও অনাগত দিনসমূহত ইয়াকে লৈ চিন্তা কৰিবলগীয়া নাই বুলি প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীগৰাকীৰ কাম-কাজত অসন্তুষ্ট হৈ পৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ একাংশ নেতাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘও। দলীয় একাংশ বিধায়কেই তেওঁক মুখ্যমন্ত্ৰীৰ আসনখনৰপৰা আঁতৰাই আন এগৰাকী জ্যেষ্ঠ নেতা বিশ্বজিতক অধিষ্ঠিত কৰিব খুজিছিল।
কিন্তু ইয়াৰ মাজতে বুধবাৰে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক লগ কৰে এন বীৰেণ সিং, বিশ্বজিত আৰু মণিপুৰ প্ৰদেশ বিজেপিৰ সভাপতি ভৱানন্দ সিঙে। ইয়াতেই সকলো পক্ষৰ অসন্তুষ্টি দূৰ হোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ আসনখনত যে এন বীৰেণ সিঙেই থাকিব, সেয়া স্থিৰ কৰা হয়।













