বিশ্বায়নৰ যুগত জাতি হিচাবে মুৰ তুলি ঠিয় দিবলৈ হ’লে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই-ড০ অমৰজ্যোতি চৌধুৰী
ASSAM TIMES POST
ডিফুঃ মানুহে জীৱনৰ পৰা, গ্ৰন্থৰ পৰা জ্ঞান আহৰণ কৰে৷ জীৱনৰ পৰা জ্ঞান আহৰণ কৰাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন ৷ কিন্তু গ্ৰন্থৰ পৰা জ্ঞান সহজে আহৰণ কৰিব পাৰি৷ কীৰ্তন, বেদ, উপনিষদৰ দিনৰ পৰা আমাক গ্ৰন্থই জ্ঞান দি আহিছে৷ বাইবেলক কোৱা হয় হলি বুক৷ কাৰণ বাইবেলত জীৱনৰ শিক্ষা আছে৷ একেদৰে আমাক বেদ, উপনিষদ, কীৰ্তনে জীৱনৰ জ্ঞান দিছে৷
আজি বিজ্ঞান প্ৰযুক্তিৰ যুগ৷ এই যুগত ছাত্ৰছাত্ৰীয়ে মবাইলত ব্যস্ত থাকে৷ মই মবাইল নাচাবলৈ নকওঁ৷ চাওক, কিন্ত লগতে গ্ৰন্থ অধ্যয়ন কৰক৷ গ্ৰন্থৰ দৰে মহৎ বন্ধু আৰু কোনো নাই৷ এতিয়া বিশ্বায়নৰ যুগ৷ হাতৰ মুঠিতে মবাইলৰ এটা বুটাম তিপি আমি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগত যোগাযোগ কৰিব পাৰো৷

কিন্তু বিশ্বায়নৰ এই যুগত আমি এটা এটা কথা মনত ৰাখিব লাগিব যে জাতি হিচাবে আমি বিশ্বত মুৰ তুলি জীয়াই থাকিবলৈ হ’লে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই৷ আমি কিতাপ পঢ়িব লাগিব৷ অসমৰ বৌদ্ধিক জগতৰ এগৰাকী পুৰোধা ব্যক্তি গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰীয়ে আজি ডিফুৰ জিলা পুথিভঁৰালত দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক সম্বোধন কৰি এইদৰে কয়৷
উল্লেখ্য যে ড° চৌধুৰীৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হৈছে এক নিৰৱ আৰু ইতিবাচক আন্দোলন৷ আন্দোলনৰ নাম কিতাপ পঢ়ো আহক৷ এই বৌদ্ধিক আন্দোলনৰ অংশৰূপে আজি ড° চৌধুৰী, অধ্যাপক বসন্ত ডেকা, খ্যাতনামা ভাস্কৰ বীৰেন সিংহ, ছাত্ৰনেতা বিপুল ৰাভাসহ এটি দল ডিফুৰ জিলা পুথিভঁৰালত উপস্থিত হয়৷ ডিফু ক্লাৱ, আছু আৰু সেউজ নামৰ সংগঠনটোৱে আয়োজন কৰা কিতাপ পঢ়াৰ এই বৌদ্ধিক আন্দোলনত ডিফুৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানত চমু ভাষণ দি শিল্পী বীৰেন সিংহই ড° চৌধুৰীৰ এই অন্যান্য যাত্ৰাৰ অংশীদাৰ হ’বলৈ পায় ধন্য হোৱা বুলি কৈ ছাত্ৰছাত্ৰী সকলক গ্ৰন্থ অধ্যয়নৰ আহৱান জনায়৷
বিশিষ্ট সাংবাদিক তথা লেখক পবিত্ৰ বৰাই আতঁ ধৰা অনুষ্ঠানত ডিফু ক্লাৱৰ সম্পাদক দিলীপ দাসে আদৰণি ভাষণ দিয়ে৷ ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰাচীৰ পত্ৰিকা সুৱাসৰ নতুন সংখ্যাটো আজি জিলা পুথিভঁৰালত মুকলি কৰে ড° অমৰজ্যোতি চৌধুৰীয়ে৷ ড° চৌধুৰীয়ে ডিফুৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ কিতাপ পঢ়া আন্দোলনৰ প্ৰতি আগ্ৰহ দেখি আপ্লুত হয়৷ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেখেতৰ লগত জিলা পুথিভঁৰালত আধাঘণ্টা ধৰি কিতাপ পঢ়ি আজিৰ পৰা তেখেতৰ বৌদ্ধিক আৰু ব্যতিক্ৰমী আন্দোলনৰ অংশীদাৰ হয়৷ অনুষ্ঠানত ডিফু ক্লাৱৰ সভাপতি কৰেন দাসে সকলোকে কিতাপ পঢ়াৰ শপত বাক্য পাঠ কৰায়৷












