![]()
গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ।টেবুল টেনিছ অসমবাসী তথা উঠি অহা নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তা কৰাৰ উদ্দেশ্যৰে নগেন হাজৰিকা টেবুল ফাউণ্ডেচনে আয়োজন কৰিছে প্ৰিমিয়াৰ লীগ।
আজি এই কথা এক সংবাদমেলত অৱগত কৰে আয়োজক সমিতি সাধাৰণ সম্পাদক মানস দাসে।৮-১০এপ্ৰিললৈ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইন’ড ষ্টেডিয়ামত অনুষ্ঠিত হব লগা টুৰ্ণামেণ্টখনত ৰাজ্য ১৬ টাকৈ দলে অংশগ্ৰহণ কৰিব।
সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰায় ৩২গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতা খনত ৰাজ্য প্ৰায় ২৫০গৰাকী খেলুৱৈয়ে অংশ লব।এই কথা গুৱাহাটী লেণ্ডমাৰ্ক হোটেলত সংবাদমেল সম্বোধন কৰি আয়োজক সমিতিয়ে কয়।গুৰুত্বপূৰ্ণ কথা প্ৰিমিয়া লীগৰ চেম্পিয়ন দলটোক নগদ ১লাখ টকা প্ৰদান কৰা হব













