ASSAM TIMES POST
বকলীয়াঘাটঃ কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত চেন্টাৰ বজাৰৰ সমীপৰ পৰা কালি বিয়লি আৰক্ষীয়ে অভিযান চলাই উগ্ৰপন্থী সংগঠন ইউ পি এল এৰ দুই দুৰ্ধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি যোৱা এক অক্টোবৰত উগ্ৰপন্থী সংগঠনটোৰ পৰা এগৰাকী ব্যৱসায়ীক ধন দাবী কৰা হৈছিল। সেই অনুসৰি কালি বিয়লি দাবী কৰা ধন নিবলৈ অহাৰ সময়তে আৰক্ষীয়ে কৌশলেৰে উগ্ৰপন্থী দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ধৃত উগ্ৰপন্থী দুটা ক্ৰমে তাৰাবাচা চাৰ্থে ৰংচেহন গাঁৱৰ মোজাৰী ৰংফাৰ (২৪) আৰু বৰপথাৰ মাইগাঁৱৰ চেমচন তাৰ’ (৩২) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লগতে উগ্ৰপন্থী দুটাই ব্যৱহাৰ কৰা এএছ-০৯-এ-১৪৬৮ নম্বৰৰ এখন স্প্লেণ্ডাৰ বাইক আৰু দুটা মোবাইল ফোন জব্দ কৰে।













