২০১৯ চনত আধাতে বন্ধ হৈ গৈছিল অমৰনাথ তীর্থযাত্রা। ৩৭০ ধাৰা বিলুপ্তিৰ ফলত সেই সময়ত দুটা পৃথক কেন্দ্ৰীয়শাসিত অঞ্চলত পৰিণত হয় জম্মু-কাশ্মীৰ। তাৰ পিছত অতিমাৰিৰ আগমনত দুবছৰ বন্ধ আছিল এই পবিত্র যাত্রা।
কিন্তু বৰ্তমান তীর্থযাত্রীসকলৰ বাবে সুখবৰ, অহা ৩০ জুনৰ পৰা পুনৰ আৰম্ভ হ’ব অমৰনাথ যাত্রা। ৪৩ দিন ধৰি চলিব এই তীর্থযাত্রা। লেফটেনেন্ট গভর্নৰ মনোজ সিনহাৰ সভাপতিত্বত শ্রীঅমৰনাথজি শ্রাইন বোর্ডৰ বৈঠকত এই সিদ্ধান্ত লোক হৈছিল। এই তীর্থযাত্রাৰ বাবে ১১ এপ্রিলৰ পৰা পঞ্জীয়ন কৰিব পৰা যাব বুলি জনাইছে শ্রী অমৰনাথজি মন্দিৰ বোর্ডৰ চিইও নীতিশ্বৰ কুমাৰে।
জম্মু-কাশ্মীৰ বেঙ্ক, ইয়েছ বেঙ্ক, পিএনবি বেঙ্কৰ ৪৪৬টা শাখাযত আৰু সমগ্র দেশৰ এছবিআই বেঙ্কৰ ১০০টা শাখাত পঞ্জীয়ন প্রক্রিয়া আৰম্ভ হ’ব।










