![]()
১৪ এপ্রিলত সাত পাক ঘূৰাৰ কথা আছিল যদিও সেয়া আৰু নহয়। উক্ত দিনা হোমৰ গুৰিত নবহে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। সম্প্ৰতি স্থগিত ৰখা হৈছে হাইপ্রফাইল বিয়াখন। এই কথা জনালে খোদ আলিয়া ভাটৰ ভাতৃ ৰাহুল ভাটে। এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত তাৰ কাৰণো জনাইছে তেওঁ।
ইতিমধ্যেই সজাই তোলা হৈছে ৰণবীৰৰ ঠিকনা ‘বাস্তু’। তাতেই হোৱাৰ কথা আছিল বিয়াৰ অনুষ্ঠান। বিয়াৰ বাকী অনুষ্ঠান হোৱাৰ কথা আছিল আৰকে ষ্টুডিঅ’ত।
আলিয়াৰ ককায়েক ৰাহুলে কয়, ‘বিয়া হ’ব এইটো সকলোৱেই জানে। কিন্তু ১৩ বা ১৪ এপ্রিলত নহয়। এইটো বৰ্তমান নিশ্চিত। প্ৰকৃততে ১৩ আৰু ১৪ তাৰিখে বিয়াৰ অনুষ্ঠানৰ কথা আছিল।

কিন্তু সংবাদ মাধ্যমত খবৰটো ফাদিল হৈ যোৱাৰ পিছত তাৰিখ সলনি কৰা হৈছে। ইয়াকে লৈ তীব্ৰ হেঁচা আছে, সেয়ে তাৰিখ সলনি কৰা হ’ ল। আৰু একো নকওঁ। শীঘ্ৰেই এই সংক্রান্তীয় ঘোষণা হ’ব।’











