![]()
অসমীয়া নৱবর্ষতেই দুখন হৃদয় এখন হ’ব ৰণবীৰ কাপুৰ-আলিয়া ভাট। কাপুৰ-ভাট পৰিয়ালৰ বিয়াৰ প্রস্তুতি তুঙ্গত।ইফালে বিয়াৰ লগতে ছবিৰ শ্বুটিঙক লৈও ব্যস্ত ৰণবীৰ। শীঘ্ৰেই পৰিচালক সন্দীপ ৰেড্ডী ভাঙ্গাৰ ‘এনিমেল’ ছবিত দেখা যাব তেওঁক। চৰিত্রৰ প্রয়োজনত পেশীবহুল চেহেৰা সৃষ্টি কৰিবলৈ বহু কছৰৎ কৰিব লাগিব ৰণবীৰে।
সেয়ে বিয়াৰ মাজতো ডায়েট আৰু ফিটনেছক লৈ কোনো ধৰণৰ আপোচ কৰিব বিচৰা নাই অভিনেতাজনে। কিন্তু তেওঁৰ ডায়েটত দৈনিক কি থাকে?
ৰণবীৰৰ ফিটনেছ প্রশিক্ষক দীপেশ ভট্টই জনোৱা মতে, ৰণবীৰ নিজৰ ডায়েট সন্দৰ্ভত সদায় অতি সচেতন। মিঠা আৰু ভাজা-পোৰাৰ পৰা দূৰৈত থাকিবলৈয়েই পছন্দ কৰে অভিনেতাজনে। বাহিৰৰ খাদ্য নহয়, ঘৰতে প্ৰস্তুত খাদ্য খাই ভালপায়।
ৰণবীৰে বার্গাৰ খায়ো ভালপায়।ৰণবীৰ দৈনিক খাদ্য তালিকাত থাকে ল’-কার্ব ডায়েট। পুৱাৰ জলপানত তেওঁ কণী, প্রোটিন শ্বেক আৰু ব্রাউন ব্রেড খায়। দুপৰীয়াৰ খাদ্যত বেছিভাগ দিনতেই তেওঁ ব্রাউন ৰাইচ, দাইল, শাক-পাচলি আৰু মুৰ্গীৰ মাংস খায়।
শ্বুটিঙৰ মাজতে ভোক লাগিলে ড্রাই ফ্রুইটছ আৰু প্রোটিন শ্বেক খায়েই পেট ভৰায় ৰণবীৰে। নিশা অতি পাতলীয়া খাদ্য খাবলৈ পছন্দ কৰে।
ৰুটি একেবাৰেই পছন্দ নকৰে তেওঁ। দীপেশৰ মতে, বিগত ডেৰ বছৰত ৰণবীৰ কাপুৰক তেওঁ কেতিয়াও ৰুটি খোৱা দেখা নাই। ৰুটিৰ সলনি ব্রাউন ৰাইচ, টোষ্ট আৰু বিৰিয়ানি থাকে অভিনেতাজনৰ পছন্দৰ তালিকাত। ডায়েটৰ লগতে কঠোৰ শৰীৰচর্চাও কৰে ৰণবীৰে।













