উৎপল দাস, গোলাঘাটঃ বেঙেনাখোৱা বৰনামঘৰত দুদিনীয়া কায্যসুচীৰে উদ্যাপন কৰা শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭১ সংখ্যক জয়ন্তী সফলভাৱে সামৰণি পৰে৷ ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ তদুপলে সদৌ অসম ভিত্তিত অায়োজন কৰা দিহানাম প্ৰতিযোগিতাত বৈকুণ্ঠ ধাম শিল্পী সমাজে প্ৰথমস্থান অধিকাৰ কৰাৰ বিপৰীতে বীণপানী অাৰু সাত ভনী দিহানাম দলে দ্বিতীয়, অৰুণ জ্যোতি, বৃহত্তৰ অসমীয়া মিলি জুলি দিহানামৰ দলে তৃতীয় আৰু লক্ষীপ্ৰিয়া দিহানামৰ দলে চতুৰ্থস্থান অধিকাৰ কৰে৷ ৰচনা প্ৰতিয়োগিতাৰ (ক) শাখাত বৰ্নিল খাটনিয়াৰ, মেঘালি বৰা আৰু (খ) শাখাত নিহা বৰা, পাৰিজাত খাটনিয়াৰ, কৌস্তৱ বৰাই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ চিত্ৰাঙ্কন প্ৰতিযোগিতাত স্থান লাভ কৰে প্ৰতীম লাহন আৰু নবিহা মৰিয়ম। সু্স্মিতা বৰাই বক্তৃতা প্ৰতিযোগিতাত স্থান দখল কৰিবলৈ সক্ষম হয়৷