![]()
পূব দিল্লীত ঘৰৰ সন্মুখতেই গুলীবিদ্ধ হৈ মৃত্যুক সাৱটিবলগা হ’ল এজন বিজেপি নেতাই। উক্ত হত্যাকাণ্ডৰ তদন্তত নামিছে আৰক্ষী। আৰম্ভ গৈছে তালাচী অভিযান। অঞ্চলটোৰ চিচি টিভি ফুটেজ চাই অনুসন্ধান চলিছে।
নিহত বিজেপি নেতাজনৰ নাম জিতু চৌধুৰী। বয়স ৪২ বছৰ। বুধবাৰে সন্ধিয়া ময়ূৰ বিহাৰ ফেচ ৩–ত নিজৰ ঘৰৰ সন্মুখতে ৰক্তাক্ত অৱস্থাত পৰি আছিল নেতাজন। তেনে অৱস্থাতে প্ৰত্যক্ষ কৰে এজন কনিষ্টবলে। লগে লগে খবৰ দিয়ে থানাত। হস্পিটেললৈ গৈ গ’লেও চিকিৎসকে তাত মৃত ঘোষণা কৰে।
ইফালে ঘটনাস্থলীৰ পৰা কেইবাটাও কাৰ্টিজ উদ্ধাৰ হৈছে। মৃতকৰ শৰীৰত একাধিক গুলীৰ চিহ্ন আছে। প্রত্যক্ষদর্শী কেনোবা আছিল নেকি, তাৰো অনুসন্ধান চলিছে। উক্ত ঘটনাত বিজেপিয়ে বিৰোধীৰ দিশে আঙুলি টোঁৱাইছে। আনহাতে, বিৰোধীৰ দাবী, বিজেপিৰ গোষ্ঠীদ্বন্দ্বৰ ফল এয়া।











