![]()
জিভাৰ পানী অনা সুস্বাদু খাদ্যৰ বাবেই নহয়, শৰীৰৰ বাবেও উপকাৰী ভাৰতীয় মচলা। পৰিমিত পৰিমাণত ব্যৱহাৰ কৰিলে শৰীৰৰ হাজাৰটা ৰোগ নিয়ন্ত্রণত থাকে। বিশেষ কেইটামান ভাৰতীয় মচলাই কেন্সাৰ প্রতিৰোধতো সহায় কৰে৷

পুষ্টিবিদসকলৰ মতে, নিয়মিত বজাৰৰ পৰা কিনা তৈলাক্ত, মচলাদাৰ খাদ্য খালে বিভিন্ন জটিল ৰোগৰ চিকাৰ হ’ব পাৰে। পুৰণি তেলত ভজা আৰু নিম্নমানৰ মচলাৰে তৈয়াৰী খাদ্য দৈনিক খালে কেন্সাৰতো আক্রান্ত হ’ব পাৰে। ঘৰত পুষ্টিকৰ উপাদানেৰে প্ৰস্তুত কৰা খাদ্যই যেনেদৰে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে, তেনেদৰেই কেন্সাৰ প্রতিৰোধতো সহায় কৰে।
হালধি – হালধিত আছে কাৰকিউমিন নামৰ এবিধ যৌগ। হালধিত এন্টি-ইনফ্লেমেটৰী গুণাৱলী আছে। কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে হালধিয়ে।
জালুক – ব্রেষ্ট কেন্সাৰ ৰিছার্চ এণ্ড ট্রিটমেন্ট জাৰ্নেলত প্রকাশিত এখন গৱেষণা-পত্রত কোৱা হৈছে, স্তন কেন্সাৰ প্রতিৰোধত জালুক অতি উপকাৰী। ইয়াত আছে পিপেৰিন নামৰ যৌগ। ইয়াৰ এন্টি-অক্সিডেন্ট বৈশিষ্ট্যই কাবু কৰে কেন্সাৰৰ কোষ।
নহৰু – প্রষ্টেট কেন্সাৰ প্রতিৰোধত সহায় কৰে নহৰুই। তাৰ উপৰি টিউমাৰৰ সম্ভাৱনা কমোৱাতো ই সহায় কৰে। অৰগেনোছালফাৰ আছে নহৰুত। যিয়ে ইমিউনিটি বৃদ্ধিত বিশেষভাবে সহায় কৰে।













