![]()
বহু খাদ্য আছে যিবোৰ প্রেছাৰ কুকাৰত ৰন্ধাটো একেবাৰেই ঠিক নহয়। ইয়াৰ ফলত সেই খাদ্যবোৰৰ পুষ্টিগুণ নষ্ট হৈ যায়।
কোন ধৰণৰ খাদ্য প্রেছাৰ কুকাৰত ৰন্ধা উচিত নহয়?
১) দুগ্ধজাত খাদ্য : গাখীৰেৰে তৈয়াৰী কোনো খাদ্য প্রেছাৰ কুকাৰত নাৰান্ধাই ভাল। প্রেছাৰ কুকাৰত ৰান্ধিলে তাৰ সোৱাদ সঠিক নথকাৰ লগতে যাৱতীয় পুষ্টিগুণ নষ্ট হৈ যায়।
২) কণী : বহুতেই কণী প্রেছাৰ কুকাৰত সিদ্ধ কৰে। কণী সিদ্ধ কৰিবলৈ অধিক তাপমাত্রাৰ প্রয়োজন হয়। সেয়ে কণী খোলা পাত্রত সিদ্ধ কৰাটোৱেই সৰ্বশ্ৰেষ্ঠ। ইয়াৰ ফলত কণী ফাটি যোৱাৰ আশঙ্কা কম থাকে। কণী সিদ্ধ হ’লনে নাই সেয়া বুজিবলৈও প্রেছাৰ কুকাৰতকৈ ডাঙৰ কোনো পাত্র ব্যৱহাৰ কৰাই ভাল।
৩) শাক-পাচলি : পাচলিত যথেষ্ট পুষ্টিগুণ থাকে। সেইবাবেই প্রেছাৰ কুকাৰত ৰন্ধাটো উচিত নহয়। ইয়াৰ ফলত পাচলিত থকা ভিটামিন, খনিজ আৰু অন্যান্য পুষ্টিগুণ নষ্ট হৈ যায়। শাক-পাচলি সকলো সময়তে কেৰাহীত ৰন্ধাই ভাল। পলম হ’লেও সোৱাদ আৰু পুষ্টিগুণ বৰ্তি থাকিব।
৪) ভাত : সোনকালে হ’ব বুলি বহুতেই ভাত প্রেছাৰ কুকাৰক ৰান্ধে। প্রেছাৰ কুকাৰত ৰন্ধা ভাত শৰীৰৰ পক্ষে একেবাৰেই ভাল নহয়। প্রেছাৰ কুকাৰত ভাত ৰান্ধিলে শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে। ইয়াত ফেন বাহিৰ হৈ নাযায়। ফেন ভাতৰ সৈতেই মিহলি হৈ থাকে। ইয়াৰ ফলত ওজন বৃদ্ধিৰ আশঙ্কা থাকে।













