![]()
কোচিং ক্লাছত তেওঁক প্ৰায়েই বিৰক্ত কৰে পাঁচ সহপাঠীয়ে। বিষয়টি পিতৃ-মাতৃক জনাইছিল কিশোৰীগৰাকীয়ে। তাৰ পিছত তেওঁলোকে শিক্ষকৰ ওচৰত ঘটনাটি জনায়। কিছুদিন পঢ়িবলৈ যোৱাটোও বন্ধ কৰি দিছিল। পিছত শিক্ষকে বিষয়টি সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়াত পুনৰ কোচিং ক্লাছলৈ যাবলৈ আৰম্ভ কৰে কিশোৰীগৰাকীয়ে। বিহাৰৰ জামুইৰ ঘটনা এইটো।
আৰক্ষী সূত্ৰ মতে, ছাত্ৰ কেইজনৰ বিৰুদ্ধে অভিযোগ দিয়াত ক্ষুব্ধ হৈছিল তেওঁলোক। তলে তলে তেওঁলোকে ছাত্রীগৰাকীক ধর্ষণৰ পৰিকল্পনা কৰে। বুধবাৰে টিউচনৰ পৰা উভতিছিল কিশোৰীগৰাকী। অভিযোগ, ৰাস্তাত তেওঁক আগছি ধৰে উক্ত পাঁচজন ছাত্রই। তাৰ পিছত তেওঁক জোৰ কৰি কাষৰ এখন হাবিলৈ নি গণধর্ষণ কৰে।
এই ঘটনাৰ পিছতেই পাঁচ ছাত্রৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ দাখিল কৰে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে। তাঁদের অভিযোগৰ ভিত্তিত পাঁচ ছাত্রক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হস্পিটেলত চিকিৎসা চলিছে কিশোৰীগৰাকীৰ।












