![]()
দুই পুৰুষ সঙ্গীক লগত লৈ এগৰাকী কিশোৰীক ধর্ষণ। লগতে ধর্ষণৰ ভিডিও ৰেকর্ড কৰি নেট মাধ্যমত ভাইৰেল কৰা। দুই অপৰাধৰ ভিত্তিত শিশুক যৌন নিৰ্যাতনকাৰী এগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ডৰ নির্দেশ দিলে লিভাৰপুল টাউন আদালতে।
অভিযুক্ত মহিলাগৰাকীৰ নাম ভিকি বেভান। ভিকিয়ে অন্য এগৰাকী পুৰুষ সঙ্গীক লগত লৈ এগৰাকী কিশোৰীক অপহৰণ কৰাৰ অভিযোগ। তাৰ পিছত তেওঁক ধর্ষণ কৰি হত্যা কৰে। কেৱল সিমানে নহয়, তেওঁক হত্যা কৰি মাংস খোৱাৰ ইচ্ছাৰ কথা প্রকাশ কৰা বুলিও অভিযোগ উঠিছে।
ভিকিক সৈতে শাস্তি পোৱা দুই পুৰুষ সঙ্গীৰ নাম পল ৰাফার্টি আৰু টনি হাটন। ভিকিয়ে এজনক হত্যা কৰিলেও তেওঁৰ বিৰুদ্ধে আৰু বহুতকে যৌন আতিশয্যৰ অভিযোগ উঠে।
ভিকি আৰু তেওঁৰ দুই সংগীৰ কর্মকাণ্ডত ‘বিকৃত যৌন মানসিকতা’ৰ পৰিচয় পোৱা যায় বুলিয়েই শুক্রবাৰে এজন ন্যায়াধীশে জনায়।
স্থানীয় সংবাদ মাধ্যমৰ সূত্র মতে, ৩৭ বছৰীয়া ভিকিয়ে নির্যাতিতা কিশোৰীগৰাকীক ধর্ষণ কৰাৰ সময়ত তাৰ ভিডিও ৰেকৰ্ডিং কৰিছিল নিজৰ মোবাইলেৰে। তাৰ পিছত সেইটো নেট মাধ্যম এৰি দিয়ে। উক্ত ভিডিওৰ আঁত ধৰিয়েই ভিকি আৰু তেওঁৰ দুই পুৰুষ সঙ্গীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
ভিকিক গণধর্ষণসহ মুঠ ৩৪টা যৌন অপৰাধৰ ঘটনাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়ে আদালতে। আনহাতে, ভিকিৰ দুই সংগী ৰাফার্টি আৰু হাটনকো ১০ বছৰ ৪ বছৰৰ শাস্তি দিয়ে আদালতে।











